অসমলাফিকুল

তামুলপুৰত এবিএমছুৰ নেতাৰ হত্যাৰ প্ৰতিবাদ

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰৰ মাজ মজিয়াত আজি বাক্সা জিলা গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে লাফিকুল ইছলামৰ হত্যাৰ প্ৰতিবাদ জনাই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। জিলাখনৰ শতাধিক ছাত্ৰ কৰ্মীয়ে তামুলপুৰৰ পৰিদৰ্শণ বাংলাৰ সম্মুখত ১২৭ (ডি) নং আন্তৰাষ্ট্ৰীয় ৰঙিয়া-তমুলপুৰ-ভূটান পথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে লাফিকুল ইছলামৰ হত্যাৰ বিচাৰ লাগে, নো জাষ্টিছ নো ৰেষ্ট, হত্যাকাৰীক ফাঁচী দিয়ক, হাগ্ৰামা মহিলাৰী মূর্দাবাদ, অসম চৰকাৰ হাই হাই, গৰীয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি ধ্বনি দি তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।

সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি ইমদাদুল হকে নেতৃত্ব দিয়া আজিৰ এই প্ৰতিবাদী কার্যসূচীত বাক্সা জিলা সমিতিৰ বিষয় ববীয়াসকল উপস্থিত থাকে। প্ৰতিবাদকাৰী সকলে প্ৰশাসনক ১২ ঘণ্টাৰ সময় সীমা বান্ধি দিয়ে হত্যাকাৰীক আটক কৰাৰ বাবে। ⁠⁠⁠⁠

Related Articles

Leave a Reply

Close