অসম
অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মৰাণত পথ অৱৰোধ

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: কালি ডিব্ৰুগড় আৰক্ষীয়ে কৃষক মুক্তিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি মৰাণৰ খতখতিত কৃষক মুক্তিৰ সদস্যসকলে টায়াৰ জ্বলাই পথ অৱৰোধ কৰে। প্ৰায় ১ ঘন্টা ধৰি চলা এই অৱৰোধত অসম চৰকাৰ হায় হায়, RSS হায় হায়, অখিল গগৈক মুক্তি দিয়ক আদি শ্ল’গান দি আকাশ বতাহ কঁপাই তুলে। অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰা এই অৱৰোধস্থলীত আৰক্ষী বিষয়া উপস্থিত হোৱাৰ পিছত প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে।