অসম

অভিনৱ কৌশলেৰে নগাঁৱত ব্যৱসায়ীৰ পৰা ১.৫ লাখ টকা লুট

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও চহৰৰ হয়বৰগাৱত আজি চোৰে অভিনৱ কৌশলেৰে এজন লোকৰ পৰা ১.৫লাখ টকা লুট কৰি নিয়া ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে নগাঁও জিলাৰ মিছাৰ হৰেকৃষ্ণ মাহাতু নামৰ লোকজনে আজি হয়বৰগাঁৱত আই চি আই চি আই বেংকৰ পৰা ১. ৫০ লাখ টকা উলিয়াই বাহিৰলৈ ওলাই অহাৰ সময়তে পূৰ্বৰে পৰা খাপপিটি থকা এজন চোৰে ব্যৱসায়ী জনৰ গালৈ এডাল বিছা দলিয়াই ধনখিনি লুট কৰি নিয়ে।

হয়বৰগাঁৱত আৰক্ষী চকীৰ নিচেই ওচৰতে এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে নগাঁও আৰক্ষীৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰিয়েই চোৰৰ দলে ইটোৰ পিছত সিটোকৈ দিন দুপৰতে সংঘটিত কৰি আহিছে বিভিন্ন চুৰিৰ ঘটনা।

 

Related Articles

Leave a Reply

Close