অসম

অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবিৰে তিনিচুকীয়াৰ চলিহা নগৰত ব্যতিক্ৰমী দূৰ্গা পূজা

পেঙেৰীৰ পৰা সীমান্ত চেতিয়া, প্ৰথম খবৰ: অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবি উদ্ভাষিত হ’ল এখন পূজাস্থলীত। যিখন পূজা এতিয়া পৰিগণিত হৈছে ব্যাপক চৰ্চা আৰু আকৰ্ষণৰ কেন্দ্ৰ বিন্দুলৈ। এই বিশেষ পূজাখন অনুষ্ঠিত হৈছে উজনি অসমৰ তিনিচুকীয়াত।

তিনিচুকীয়া চহৰৰ মাজ মজিয়াত চলিহা নগৰ খেল পথাৰত শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে এইবাৰ উদযাপন সমিতিয়ে আয়োজন কৰিছে ব্যতিক্ৰমী ৰূপ সজ্জা। য’ত সুন্দৰভাৱে উপস্থাপন হৈছে অসমীয়া জন জীৱনৰ প্ৰতিচ্ছবি। দশভূজা দূৰ্গাদেৱী সহিতে লক্ষী সৰস্বতীয়ে পৰিধান কৰিছে পাট মেখেলা চাদৰ আৰু অসমীয়া আ অলংকাৰ।

সেইদৰে গণেশ আৰু কাৰ্তিকে পৰিধান কৰিছে মুগাৰ ধূতি বস্ত্ৰ আৰু গহনা। মণ্ডপ সজাইছে ফুলাম জাপীৰে। মূল মণ্ডপৰ কাষত শাৰী শাৰী কৈ গাৱৰ কেচা ঘৰ, শিপিনীয়ে তাত বোৱাৰ দৃশ্য সমৃদ্ধ গ্ৰাম্য জীৱনৰ জীৱন্ত প্ৰতিচ্ছবি। ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া চলিহা নগৰৰ এই বিশেষ পূজাখনিয়ে।

Related Articles

Leave a Reply

Close