অসম

অৱসৰপ্ৰাপ্ত শিক্ষক দ্ৰোণধৰ সেনাপতিৰ বিয়োগ

প্ৰথম খবৰ, টেঙাখাত: মদাৰখাত মৌজাৰ অৱসৰপ্ৰাপ্ত শিক্ষক দ্ৰোণধৰ সেনাপতিৰ বাৰ্দ্ধক্যজনিত কাৰণত নিজ বাসভৱনত ১১ ছেপ্তেম্বৰত মৃত্যু হয়। ১৯২৭ চনৰ ২৭ জানুৱাৰী তাৰিখে ফুটাহোলা গাঁৱত জন্মগ্ৰহণ কৰা দ্ৰোণধৰ সেনাপতিয়ে ফুটাহোলা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ সেৱা আগবঢ়ায় আৰু প্ৰধান শিক্ষক হিচাপে ১৯৯০ চনত অৱসৰ গ্ৰহণ কৰে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯১ বছৰ। মায়মৰা বৈষ্ণৱ সমাজৰ এজন গাঁওবুঢ়া হিচাপে তেখেতে সমাজত আগস্থানত আছিল। তেখেতে ৪টি পুত্ৰ, ২গৰাকী জী, বোৱাৰী, জোঁৱাই আৰু নাতি-নাতিনী এৰি থৈ গৈছে।

Related Articles

Leave a Reply

Close