অসম

আব্দুল মজিদৰ মৃত্যুত পুৰণিগুদামত শোক

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক,জনপ্ৰিয় অভিনেতা আব্দুল মজিদৰ মৃত্যুত পুৰণিগুদাম আৰু বঢ়মপুৰৰ কে’বাটাও দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে৷ অসমৰ সাংস্কৃতিক জগতৰ বাবে বহু অৱদান আগবঢ়োৱা বিশিষ্ট অভিনেতা গৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে আজি পুৰণিগুদামৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল, অবিনশ্বৰ গোষ্ঠী, অৰ্ণিবাণ গোষ্ঠী,জালজৰী সন্মিলিত যুৱ মঞ্চ,আলোড়ন গোষ্ঠী,কুৱেৰ অবিনশ্বৰ গোষ্ঠী,পুৰণিগুদাম প্ৰেছ ক্লাৱ,চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এচোছিয়েচন, বঢ়মপুৰ প্ৰেছ ক্লাৱ আৰু সঞ্জীৱনী অগ্ৰনী মঞ্চৰ আদি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷

পুৰণিগুদামৰ সমীপৱৰ্তী জলাহগাঁৱত এই উপলক্ষে অনুষ্ঠিত হোৱা শোক সভাত বিশিষ্ট অভিনেতা গৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

Related Articles

Leave a Reply

Close