অসম

আমগুৰিত মটৰ চাইকেল চোৰৰ দপদপনি, আৰক্ষী থানাৰ সমীপৰ পৰাই চুৰি মটৰ চাইকেল

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ নাতি দূৰৈত মটৰ চাইকেল চোৰৰ টিঘিল-ঘিলনি। আৰক্ষীৰ নাকৰ আগেদিয়েই যোৱা নিশা থানাৰ পৰা মাত্ৰ ৫০০ মিটাৰ দুৰত্বৰ পৰা চোৰে নিয়ে এখন বুলেট মটৰ চাইকেল।

আমগুৰি হিলৈদাৰী গাঁৱৰ নয়ন শইকীয়া নামৰ লোকজনৰ AS 03 U 3579 নম্বৰৰ চিলভাৰ ৰঙৰ 350 Classic বুলেট খন যোৱা নিশা চোৰে গৰাকীৰ ঘৰৰ পৰাই চুৰি কৰি নিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে বুলেট খনৰ সন্ধানত অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Close