অসম

আলোপতিত পুখুৰীত পৰি শিশুৰ সলিল সমাধি

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি গাঁৱত পুখুৰীৰ পানী পৰি এটি শিশুৱে কৰুন মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে জিলাখনৰ উক্ত আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি গাঁৱৰ বাসিন্দা মফিজুল হকৰ দুই বছৰীয়া পুত্ৰ ৰাহেনুৰ ইছলাম নামৰ শিশুটিয়ে আজি আবেলি ভাগত নিজ গৃহৰ ওচৰতে খেলি থকা অৱস্থাত হঠাৎ নিৰুদ্দেশ হয়।

পৰিয়ালৰ লোকে শিশুটিক নেদেখি পাৰ্শ্বৱৰ্ত্তী ইঘৰ-সিঘৰত সোধপোছ কৰে যদিও কোনেও ক’ব নোৱাৰাত পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে। বহু সময় বিচাৰ-খোচাৰৰ অন্তত স্থানীয় এগৰাকী লোকে মফিজুলৰ ঘৰৰ নাতিদূৰত থকা পুখুৰী এটাত শিশুটিক পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি আগবাঢ়ি গৈ শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসকক দেখুৱা হয় যদিও চিকিৎসকে শিশুটিৰ ইতিমধ্যেই মৃত্যু হোৱা বুলি ঘোষণা কৰে।শিশুটিৰ এনে কৰুন মৃত্যুত অঞ্চলটোত এক শোঁকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close