অসম

উজনি অসম বাবে সেনা নিয়োগ মেলা অায়োজন

গৌৰীসাগৰৰ পৰা প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: যোৰহাটস্থিত অসম সেনা নিয়োগ কাৰ্যালয়ৰ উদ্যোগত অহা ১৭ নৱেম্বৰ পৰা ২৩ নৱেম্বৰলৈ মৰিয়নিত উজনি অসমৰ বাবে সেনা নিয়োগ মেলা অায়োজন কৰা হৈছে। শিৱসাগৰ জিলা জনসংযোগ বিষয়া শাৰদী গগৈয়ে প্ৰথম খবৰলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে এই সেনা নিয়োগ মেলাত সেনা বাহিনী বাবে ছ’লজাৰ জেনেৰেল ডিউটি, ছলজাৰ টেড্ৰছমেন, ছল’জাৰ টেকনিকেল, ছলজাৰ ক্লাৰ্ক, ছল’জাৰ নাছিং এচিণ্টেট অাদি পদৰ বাবে বাচনি কৰা হ’ব। এই নিয়োগ মেলাখন ১৭নৱেম্বৰ শিৱসাগৰ অাৰু চৰাইদেউ জিলা, ১৮নৱেম্বৰত লক্ষীমপুৰ অাৰু ধেমাজী জিলা, ১৯নৱেম্বৰত গোলাঘাট অাৰু তিনিচুকীয়া জিলা,২০নৱেম্বৰত মাজুলি অাৰু ডিব্ৰুগড় জিলা, ২১নৱেম্বৰত কাৰ্বিঅাংলং জিলা, ২২নৱেম্বৰত যোৰহাট জিলাৰ প্ৰাৰ্থী বাবে এই নিয়োগ মেলা অনুষ্ঠিত হ’ব। এই নিয়োগ মেলা অনলাইন যোগেও পঞ্জিয়ণ কৰিব বাবে www.joinindianarmy.nic.in ত লগ ইন কৰিব পাৰিব অহা ১৮ পৰা ২২ নৱেম্বৰ লৈকে। প্ৰাৰ্থীসকলে এই নিয়োগ মেলা সম্পৰ্কত যি কোনো সহায়ৰ বাবে যোৰহাটস্থ অসম সেনা নিয়োগ কাৰ্যালয়ৰ ফোন নং ০৩৭৬২৩৩১৩৬ অথবা ৮৭২৪৯৮৫৮৯৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Related Articles

Leave a Reply

Close