অসম

উৎকট গৰমৰ মাজতে দিনযোৰা বিদ্যুৎ কৰ্তনত অতীষ্ঠ বালিপৰা, চাৰিদুৱাৰ অঞ্চলবাসী

প্ৰথম খবৰ, বালিপৰা: ভাদমহীয়া প্ৰখৰ ৰ’দৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ অঞ্চলবাসী ৰাইজে বিদ্যুৎ কৰ্তনৰ বাবে জ্বলা-কলা খাবলগীয়াত পৰে। ভূক্তভোগী ৰাইজে অভিযোগ কৰা অনুসৰি, আজি গৰমত ৰাইজে অতীষ্ঠ হ’বলগীয়া হোৱাৰ সময়তে অসম শক্তি বিতৰণ নিগমৰ বালিপৰা সংমণ্ডল কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ বালিপৰা, চাৰিদুৱাৰ, লোকৰা অঞ্চলবাসী ৰাাইজে দুপৰীয়াৰ সময়ৰপৰা বিদ্যুৎ কৰ্তন কৰাৰ বাবে ৰাইজে জীয়াতু ভূগিবলগা হয় ।

উল্লেখ্য যে, যোৱা ১০ ছেপ্তেম্বৰত বালিপৰাত হঠাতে অহা বানৰ বানে ১৩ আগষ্ট পৰ্যন্ত সমগ্ৰ বালিপৰা, চাৰিদুৱাৰৰ বিজুলী যোগান ব্যাহত হৈ থকাৰ অন্তত ১৩ আগষ্টৰ সন্ধ্যা সময়ত বিজুলী লাভ কৰে যদিও কালিৰেপৰা বিজুলী যোগান পুনৰ অনিয়মীয়া হয় ।তাৰ মাজতে আজি বিদ্যুৎ বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে আজি এনেদৰে বিদ্যুৎ এইপৰ্যন্ত যোগান নধৰাত ক্ষোভিত হৈ পৰিছে ৰাইজে।

বাতৰি লিখা পৰলৈকে সমগ্ৰ বালিপৰা, চাৰিদুৱাৰত অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আজি ব্যস্ততাপূৰ্ণ দিনটোত বিদ্যুৎ নোহোৱাৰ ফলত অঞ্চলটোৰ ব্যৱসায়ীসকলৰ লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰে। একাংশ ক্ষোভিত ৰাইজে শক্তিমন্ত্ৰীৰ সমষ্টিতে এনেদৰে বিদ্যুৎ যোগানৰ নামত বিদ্যুৎ বিভাগৰ ভেঙুচালিক ক্ষুৰধাৰ সমালোচনা কৰিছে।

Related Articles

Leave a Reply

Close