অসম

ঐতিহাসিক নুমলীগড় পুন:নিৰ্মাণ দাবীত বীৰ লাচিত সেনা অসম

প্ৰথম খবৰ, খুমটাই: বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিয়ে ঐতিহাসিক নুমলীগড় বেদখল আৰু ধ্বংসকাৰী বিৰুদ্ধে গত ইংৰাজী ২০-০৮-২০১৭ তাৰিখে বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ২৯-৮-২০১৭ তাৰিখে গোলাঘাট জিলা উপায়ুক্তক ক্ষীপ্ৰতাৰে তদন্ত কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু স্মাৰক পত্ৰ খনত সংগঠনটোৱে ২০ দিনৰ সময়সীমা বান্ধি দিয়ে বুলি সংগঠনটোৰ সভাপতি দেৱ চন্দন বৰাই জানিবলৈ দিয়ে । কিন্তু ২০ দিনৰ পিছত নুমলীগড়টো পুন: নিৰ্মাণ নকৰাত ২৪-৯-২০১৭ তাৰিখে বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিয়ে নিজাববীয়াকৈ ঐতিহাসিক গড়টো পুন: নিৰ্মাণ বাবে এলানি কাৰ্য্যসূচী লয় যদিও বোকাখাত ৰাজহ চক্ৰ বিষয়া আৰু বোকাখাত মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে বাধা প্ৰদান কৰা লগতে বিষয়টো জিলা উপায়ুক্ত মহোদয়ক লগত আলোচনা কৰি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰাত সংগঠনটোৱে প্ৰশাসনৰ প্ৰতিশ্ৰুতি সন্মান জনায় ।

বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিয়ে ৩০ দিনৰ ভিতৰত নুমলীগড় ধ্বংসকাৰী আৰু বেদখলকাৰী সকলক কঠোৰতম শাস্তি প্ৰদান কৰা লগতে গড়টো পুন: নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা উপায়ুক্ত গৰাকীক স্মাৰক পত্ৰ যোগে আবেদন জনায় বুলি এক বিবৃতি যোগে সংগঠনটোৰ সভাপতি দেৱ চন্দন বৰাই জানিবলৈ দিয়ে ।
আজি সংগঠনটোৰ সম্পাদক ৰিতুঞ্জয় তামুলীয়ে এক বিবৃতি যোগে জানিবলৈ দিয়ে যে গোলাঘাট জিলা উপায়ুক্ত মহোদয়ে যদি নুমলীগড় বেদখল আৰু ধ্বংসকাৰী লগতে পুন: নিৰ্মাণ বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰে তেনেহ’লে সংগঠনটোৱে অসমৰ চুকে কোণে থকা বীৰ লাচিত সেনা অসমৰ হাজাৰ হাজাৰ সতীৰ্থৰ সহযোগত শক্তিশালী ৰূপত গড়টো পুন: নিৰ্মাণ কাম আৰম্ভ কৰিব বুলি জনায় ।
সংগঠনটোৰ সম্পাদক গৰাকীয়ে আৰু জনায় যে গড়টো পুন: নিৰ্মাণৰ কাম আৰম্ভ কৰোতে উদ্ভৱ হবলগীয়া কোনো পৰিস্থিতিৰ বাবে কোনো কাৰত বীৰ লাচিত সেনা অসম জগৰীয়া নহ’ব।

Related Articles

Leave a Reply

Close