অসম

কলিয়াবৰত অবৈধ শিল সৰবৰাহৰ বিৰুদ্ধে অভিযান

কলিয়াবৰৰ পৰা গোলাপ শইকীয়া, প্ৰথম খবৰ: ভাৰতীয় জনতা যুৱ মৰ্চা কলিয়াবৰ জিলা সমিতি, স্থানীয় ৰাইজ আৰু জখলাবন্ধা বন বিভাগে আজি যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা শিল ভৰ্তি কেইবাখনো ট্ৰাক। কাৰ্বি আংলং জিলাৰ পৰা একাংশ বন বিষয়াৰ সহযোগত অবৈধ বল্ডাৰ ভৰ্তি শ শ ডাম্পাৰ দিনে নিশাই সৰবৰাহ হয় নগাঁও জিলাৰ বিভিন্ন ঠাইৰ ক্ৰেছাৰ মেচিনসমূহলৈ।

যাৰ বাবে বৃহৎ পৰিমানৰ ৰাজহ হেৰুৱাব লগা হৈছে অসম চৰকাৰৰ বন বিভাগে। আশ্চৰ্যজনক কথা এই যে, দুই তিনিখন ডাম্পাৰ বাহন দহ চি এম পাথৰ অনা হয় যদিও চালানত উল্লেখ থাকে কেৱল পাঁচ চি এম বুলিহে। তাৰোপৰি এখন চালানত তিনিবাৰকৈ পাথৰ সৰবৰাহ কৰাৰ তথ্য আজি পোহৰলৈ আনিলে কলিয়াবৰ জিলা ভাৰতীয় জনতা যুৱ মৰ্চাই।

 

Related Articles

Leave a Reply

Close