অসম

কাজিৰঙাৰ বিদ্যালয়ত পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাৰ এখন আশ্ৰম সদৃশ বিদ্যালয়। বিদ্যালয়ত কৰিছে ফল-মূলৰ খেতি, ঘাঁহৰ খেতি। এইখন দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়তে আজি উপস্থিত হ’ল পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী ডঃ ইউ এচ তিৱানা আৰু চি চি এচ হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ৰ ছিনিঅ’ৰ ব্ৰীডাৰ ডঃ যোগেশ জিন্দাল৷ দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু কণ-কণ ছাত্ৰ-ছাত্ৰীৰ সহযোগত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত নতুনকৈ আৰম্ভ কৰা পাঁচ বিধ উন্নত প্ৰজাতিৰ ঘাঁহৰ পুলি বাগিছা উন্মোচন কৰে বিজ্ঞানী দুজনে৷

তদুপৰি, বিদ্যালয়খনৰ চৌহদত গঢ়ি তোলা এখন ফল-মূলৰ বাগিছাও উন্মোচন কৰা হয়। উল্লেখ্য, বিগত ২০১৪ চনৰ পৰা বিদ্যালয়ৰ পৰা উৎপাদিত ঘাঁহ বানৰ সময়ত বানপীড়িত ৰাইজৰ পোহনীয়া তৃণভোজী প্ৰাণীক প্ৰদান কৰি আহিছে ৷ ইফালে, পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানীগৰাকীয়ে শিক্ষকসকল তথা বিদ্যালয়টিৰ স’তে জড়িতসকলৰ ভূমিকাক প্ৰশংসা কৰি কয় এনে পৰিৱেশৰ প্ৰাথমিক বিদ্যালয় ভাৰতত বিৰল ৷

Related Articles

Leave a Reply

Close