অসম

কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত চাবুৱাত পথ অৱৰোধ দল-সংগঠনৰ

প্ৰথম খবৰ, চাবুৱা : কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত আজি চাবুৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসমীয়া যুৱ মঞ্চই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰযন্ত্ৰই বাৰম্বাৰ ফেচিবাদী চৰিত্ৰ উদঙাই অখিল গগৈক গ্ৰেপ্তাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ অসমীয়াক ৰক্ষা কৰিবলৈ মাত মাতিলে যদি গ্ৰেপ্তাৰ হ’বলগীয়া হয় তেন্তে অসমীয়া জাতি ধ্বংস হ’বলৈ বেছি দিন নাই বুলি কৈ সময় থাকোতেই অসমীয়া জাগিবৰ হ’ল বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সাহসেৰে থিয় দিয়া একমাত্ৰ ব্যক্তিজনেই হ’ল অখিল গগৈ বুলিও কয় প্ৰতিবাদকাৰীসকলে৷

Related Articles

Leave a Reply

Close