কবিতাসাহিত্য

খবৰ

দেৱৰাজ কলিতা, হেঙেৰাবাৰী:

খবৰ কি আপোনাৰ ?
আছেনে ভালে কুশলে ?
কি কম খবৰৰ কথা!
আমাৰ জীৱনটোৱেই দিয়ে
প্ৰতিদিনে নিজৰ খবৰ
কাৰোবাৰ সু খবৰ
শুনি ভাল লাগে
কাৰোবাৰ বেয়া খবৰ
শুনি বেয়া লাগে
আছো দিয়ক যেনে তেনে
ৰাখিছে ভগৱানে
ভাল বেয়াৰ মাজতে
আপুনি যে খবৰ সুধিলে
ঘৰলৈ আহিলে
বৰ ভাল পালো
আজিকালি খবৰ লবলৈও
কাৰো খবৰে নাই
কাৰো সময় নাই
ফোনতে লয়
সকলোৱে খবৰ
কাষৰ ঘৰৰো সময় নাই
আহি খবৰ লবলৈ
ফোনতেই লয় খবৰ
আপুনি যে আহিছে
ঘৰলৈ লবলৈ খবৰ
বৰ ভাল পালো
বহকচোন বহক
ময়ো যে আৰু!
আপোনাক বহিব কবলৈও
মোৰেই নাই খবৰ
কওকচোন কওঁক আপোনাৰ খবৰ
খবৰ পাওঁ আনন্দৰ
খবৰ পাওঁ বেদনাৰ
খবৰ পাওঁ ৰোগৰ
প্ৰতিদিনে এটা ভাল
এটা বেয়া খবৰ
টিভিটো চাবলৈ নোৱাৰি
বাতৰিখন পঢ়িবলৈ নোৱাৰি
মাত্ৰ হত্যা ,ধৰ্ষণ,অপহৰণ,ডকাইটি,লুন্থন
আন্দোলন আৰু কত যে পঢ়িবলৈ
নোৱাৰা খবৰ
এইবোৰেই হল আজিকালি বাতৰি টিভিৰ
দৈনিক ব্ৰেকিং খবৰ
মানুহৰ খবৰ কি কব?
ৰোগে চানি ধৰিছে
ঘৰে ঘৰে ৰোগী এজন হলেও আছে
কৃত্ৰিম বানপানী
মহানগৰীৰ আভিজাত্য
ঠাইবোৰ পানীত দুৱ গৈছে
বাটবোৰত এবুকু এক কোকাল পানী
ঘৰৰ ভিতৰতে এক আঠু পানী
নলা নৰ্দমা আদিৰ জাঁৱৰ জঠৰ আহি
সকলো ঘৰৰ ভিতৰত ভৰি পৰিছে
গুৱাহাটীখন কদৰ্য্য লেতেৰা
ক’তো যাবলৈ নোৱাৰা হৈছে
বহুত মানুহ গাওঁলৈ ধাপলি মেলিছে
আজিকালি হেনো গাওঁবোৰ চহৰতকৈ
বহুত ভাল হৈছে
চৰকাৰখন নিৰৱে শুই আছে
নিজকে লৈ খোৱা কামোৰা
ৰাইজৰ প্ৰতিবোৰেও নিজক লৈ ব্যস্ত
ৰাইজৰ কথা পাহৰি গৈছে
এতিয়া খবৰ এনেকুৱাই হৈছে
আমাৰ খবৰবোৰো পানীত দুৱ গৈছে
ভাল খবৰ নাইকীয়া হৈছে
দশো দিশে বেয়া খবৰে
চানি ধৰিছে
আমাৰ খবৰ বোৰো যেন
জাঁৱৰ হৈ
বাটে ঘাটে পৰি ৰৈছে
কি খবৰ কম?
আজিকালি খবৰবোৰ
এনেকুৱাই হৈছে।

Related Articles

Leave a Reply

Close