সভা-সমিতি
খোৱাং নগৰ গাঁৱৰ ৱাৰ্ড সদস্যা গৰাকীৰ ব্যাপক দুৰ্নীতি সন্দৰ্ভত ৰাজহুৱা সভা

প্ৰথম খবৰ, খোৱাং: ডিব্ৰুগড় জিলাৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত হালধিবাৰী নগৰ গাৱঁৰ ৱাৰ্ড সদস্যা জ্যোস্না শইকীয়াই নগৰ উচ্চ মাধ্যমিক খেল পথাৰৰ প্ৰাঙ্গণত নিমাৰ্ণ কৰা এটি ৰাজহুৱা গৃহ ব্যাপক দূনীতিৰে নিমাৰ্ণ কৰা সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।
বিধায়ক পুজিৰে নিমাৰ্ণ কৰা ৰাজহুৱা গৃহত নিম্ন মানৰ টিং পাত, কাম নকৰা ব্যক্তিক কাম কৰা দেখুৱাই ব্যাপক ধন আত্মসাতৰ লগতে চৰকাৰে পঞ্চায়ত যোগেদি গাঁওসমূহৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিৰ ধন আত্মসাতৰ অভিযোগ ৰাইজে দাঙি ধৰে।