অসমশীৰ্ষ

গহপুৰত আবতৰীয়া বান, মৰা চত্ৰং নৈয়ে বুৰালে বিস্তীৰ্ণ অঞ্চল

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা পাহাৰীয়া চত্ৰং নৈৰ মৰা সুঁতিৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে উত্তৰ গহপুৰৰ চত্ৰং টঙিয়া আৰু গোপালগাঁৱৰ বিস্তীৰ্ণ অঞ্চল। উল্লেখ্য যে,, যোৱা নিশা অৰুণাচল পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা চত্ৰং নৈৰ মৰা সুঁতিৰ পানীয়ে চত্ৰং গাঁও পঞ্চায়তৰ একাংশ লোকৰ ঘৰ-বাৰী ডুবাই পেলোৱাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ- চত্ৰং গোপালগাঁও- টেঙাবাৰী সংযোগী শোভাৰাম গয়াৰী গড়কাপ্তানি পথটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। ফলত পূজাৰ বতৰতো জীয়াতু ভুগিছে ভূক্তভোগী ৰাইজে।

উক্ত গড়কাপ্তানি পথটোৰ কেইবা ঠাইতো মৰণফান্দ সদৃশ গাঁতৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰে পথটোৰ প্ৰকাণ্ড গাঁত সমূহ পুতি যাতায়াতৰ উপযোগী কৰাৰ লগতে চত্ৰং নৈৰ পানী মূল নদীয়েদি যোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

Related Articles

Leave a Reply

Close