অসম

গাঁও পঞ্চায়ত জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন সম্পন্ন

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ গাঁও পঞ্চায়ত সমূহত যোৱা ১৫ ছেপ্তেম্বৰত গাঁও পঞ্চায়ত জৰুৰীকালীন ব্যৱস্থাপনা-২ অনুষ্ঠিত হৈ যায়। হতাশাত শূণ্য দুৰ্যোগ ব্যৱস্থাপনা শীৰ্ষক বিষয়ত অনুষ্ঠিত অনুশীলনত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্ঘটনা আৰু বিদ্যুৎজনিত দুৰ্ঘটনা প্ৰতিৰোধ আৰু এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত সজাগ কৰি তোলে।

জিলাখনৰ নাজিৰা ৰাজহ চক্ৰ অধীনৰ ২২ খন পঞ্চায়ত, আমগুৰিৰ ১৯ খন, ডিমৌৰ ২০ খন, শিৱসাগৰৰ ২১ খন পঞ্চায়ত মুঠ ৮২ খন পঞ্চায়তত দুৰ্যোগ ব্যৱস্থাপনা বিষয়ত অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগত সংগতি ৰাখি আটাইকেইখন পঞ্চায়তৰ অন্তৰ্গত বিদ্যালয়সমূহত বৰ্ণাঢ্য শোভাযাত্ৰা, কুইজ, চিত্ৰাংকন, ৰচনা বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচী সমূহত চক্ৰ বিষয়া, শক্তি বিতৰণ কোম্পানীৰ সমল ব্যক্তি, প্ৰকল্প বিষয়া উপস্থিত থকাৰ লগতে শিক্ষক-ছাত্ৰ-অভিভাৱকসকলে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close