শীৰ্ষৰাষ্ট্ৰীয়

গৃহ ৰাজ্য গুজৰাটত বুলেট ট্ৰেইনৰ আধাৰশিলা

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যবাসীলৈ সুখবৰ। দেশৰ ৰে’ল পৰিবহন খণ্ডত সংযোজন হ’ল নতুন ঐতিহাসিক অধ্যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্থাপন কৰিলে বুলেট ট্ৰেইনৰ আধাৰশিলা। গৃহ ৰাজ্য গুজৰাটৰ আহমেদাবাদৰ চবৰমতী ষ্টেচনত স্থাপন কৰা হয় এই অভিলাষী প্ৰকল্পৰ আধাৰশিলা।

এই অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰী চিন ছৌ আবে। আহমেদাবাদৰ পৰা মুম্বাইলৈকে ঘণ্টাত ৩২০কিঃমিঃ বেগত চলিব ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন। ২০২২ চনত সম্পূৰ্ণ হৈ উঠিব বুলেট ট্ৰেইন প্ৰকল্প। মুঠ ১.১ লাখ কোটি টকা ব্যয় কৰা হ’ব এই প্ৰকল্পটোত।

জাপানৰ অৰ্থ সাহাৰ্যত ভাৰতে সম্পূৰ্ণ কৰিব বুলেট ট্ৰেইন প্ৰকল্প। এই প্ৰকল্পৰ বাবে জাপানে আগবঢ়াব ৮৮ হাজাৰ কোটি টকা।

Related Articles

Leave a Reply

Close