অসম

গোলকগঞ্জত পথ দুৰ্ঘটনা, এজন গুৰুতৰ আহত

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পেষ্টাৰঘাট সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ফলত মটৰ ছাইকেল আৰোহী অচেতন অৱস্থাত ঘাইপথত পৰি থাকে।

গোলকগঞ্জ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত বাইক আৰোহীক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। নম্বৰ বিহীন বুলেটৰ আৰোহী যুৱকজন অচেতন অৱস্থাত থকাৰ কাৰণে নাম জানিব পৰা নাই ।

Related Articles

Leave a Reply

Close