অসম

চিলাপথাৰ আৰক্ষীৰ ভয়ানক কাণ্ড

প্ৰথম খবৰ, চিচিবৰগাঁও: ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগত ঘনিষ্ঠ হোৱাৰ সুবাদতেই মালিনীপুৰ গাঁওপঞ্চায়তৰ সভাপতি বিষ্ণু প্ৰধানে পঞ্চায়তটোত চলাই গৈছিল কোটি কোটি টকাৰ লুণ্ঠন। অতিষ্ঠ হৈ পৰিছিল মালিনীপুৰ পঞ্চায়তৰ ৰাইজ। সংবাদ মাধ্যমসমূহত প্ৰচাৰ হৈছিল পঞ্চায়তটোত সংঘটিত সমষ্ট দুৰ্নীতিৰ বিষয়ে। কেইবাজনো বঞ্চিত হিতাধিকাৰীয়ে চিলাপথাৰ থানাত সভাপতিজনৰ বিৰুদ্ধে তৰিছিল গোচৰ। কিন্তু একোৱেই গাৰ নোম এডালকো লৰাব পৰা নাই দুৰ্নীতিগ্ৰস্ত সভাপতি বিষ্ণু প্ৰধানৰ। কেৱল ধনৰ জোৰতে সকলোকে মেনেজ কৰি সদম্ভে টিঘিলঘিলাই ফুৰিবলৈ সক্ষম হৈছে দহ বছৰে কেৱল লুণ্ঠনৰাজ চলোৱা সভাপতিজন। বিগত দহ বছৰে পঞ্চায়তটোত সভাপতিগৰাকীয়ে ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত সংঘটিত কৰিছে কেইবা কোটিটকীয়া কেলেংকাৰী। ভূৱা পৰিয়াল পৰিচয় নম্বৰ ( fake ID number ) ব্যৱহাৰ কৰি অস্তিত্বহীন লোকৰ নামত IAY গৃহ আৱণ্টন দি ডাকঘৰত ভূৱা একাউণ্ট খুলি আত্মসাৎ কৰিছে ধন।

MGNREGA আঁচনিৰ অধীনতো বহুতো আঁচনি দেখুৱাই কোনো কাম নকৰাকৈয়ে ভূৱা জব কাৰ্ড ভূৱা একাউণ্টৰ জড়িয়তে সৰকাই নিছে লক্ষ লক্ষ টকা। প্ৰথম দৃষ্টিতেই সকলোৱে অনুমান কৰিব পাৰিব প্ৰকৃততে ইয়াত কাম কৰিছিল নে নাই। এই বৃহৎ কেলেংকাৰীৰ সমষ্ট তথ্য সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছত লুণ্ঠনকাৰী সভাপতিজনৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰিছিল বঞ্চিত হিতাধিকাৰীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ ৪২৪/৪৬৭ ধাৰাত গোচৰ নং ২২৬/২০১৭, ৪৯০/৪২০ ধাৰাত গোচৰ নং ২৮৭/২০১৭, আৰু ৪২০/৪০৯ ধাৰাত গোচৰ নং ২২০/২০১৭ এই তিনিটা গোচৰ প্ৰায় দুমাহৰ পূৰ্বেই বঞ্চিত হিতাধিকাৰীয়ে ৰুজু কৰিছিল চিলাপথাৰ থানাত দুৰ্নীতিগ্ৰস্ত সভাপতিগৰাকীৰ বিৰুদ্ধে।

কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিষ্ণু প্ৰধানৰ বিৰুদ্ধে। আশ্বৰ্যজনক কথাটো হ’ল অভিযুক্ত বিষ্ণু প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি চিলাপথাৰ আৰক্ষীয়ে গোচৰীয়া পক্ষকহে গোচৰ উঠাই লবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে চিলাপথাৰ আৰক্ষীৰ বিৰুদ্ধে। এইগৰাকী বঞ্চিত হিতাধিকাৰী নিয়তিৰ বৈদ্য। এখেতৰ ID NUMBER ব্যৱহাৰ কৰি ঘৰ প্ৰদান কৰিলে অস্তিত্বহীন কোনো লোকক। অৱশেষত সবিশেষ গম পাই নিজৰ প্ৰাপ্যৰ বাবে এখেতে বিষ্ণু প্ৰধানৰ বিৰুদ্ধে ৰুজু কৰিছিল দুমাহৰ পূৰ্বে এটা গোচৰ। সম্প্ৰতি চিলাপথাৰ আৰক্ষীয়ে তেওঁৰ ঘৰত আহি গোচৰ উঠাই লবৰ বাবে ধমকি প্ৰদান কৰিছে। এয়া মাত্ৰ উদাহৰণ। গোচৰীয়া প্ৰতিজনৰ ক্ষেত্ৰতে হৈছে একেই পৰিস্থিতি। কেৱল ধনৰ বলতে এতিয়া সকলোকে মেনেজ কৰিছে এইজন লুণ্ঠনকাৰী সভাপতিয়ে।

চিলাপথাৰ আৰক্ষীৰ এনে কাণ্ডত ক্ষোভিত হৈ পৰিছে মালিনীপুৰ পঞ্চায়তৰ ৰাইজ। দুৰ্নীতিৰ বিৰুদ্ধে জিৰ’ টলাৰেঞ্চৰ কথা কোৱা বিজেপি দলৰ সাংসদ প্ৰদান বৰুৱাৰ নিজা পঞ্চায়তটোত সংঘটিত হৈছে এই অনিয়ম। কিন্তু হাজাৰ চেষ্টা কৰিও দৰিদ্ৰ ৰাইজ সক্ষম হোৱা নাই ন্যায় পাবলৈ। সততে নিকা প্ৰশাসনৰ কথা কোৱা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱেও নিজৰ চোতালতে সংঘটিত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কোনো গুৰুত্ব প্ৰদান কৰা নাই । আচলতে কি হৈছে চিলাপথাৰত। এফালে পঞ্চায়তসমূহত দুৰ্নীতিৰ পাহাৰ আনফালে মেনেজ আৰক্ষী। উদাসীন সাংসদ বিধায়ক। ৰাইজে ন্যায় পাব কেনেকৈ। অৱশেষত ৰাইজে সন্দেহ প্ৰকাশ কৰিছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুকো। বিষ্ণু প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস দেখুৱাবৰ বাবে দাবী তুলিছে উত্তৰ চিলাপথাৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখ্য যে, চিলাপথাৰ আৰক্ষীৰ এনে ভয়ানক কাণ্ডক ধিক্কাৰ দিছে চিলাপথাৰ- চিচিবৰগাঁৱৰ সচেতন মহলে।

Related Articles

Leave a Reply

Close