অসম

জুৰীয়া বিদ্যালয়ৰ বাহিৰে ভিতৰে তেজৰ চেঁকুৰা উদ্ধাৰক লৈ চাঞ্চল্য, অাতংকিত ছাত্ৰ-ছাত্ৰী

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত কদমনি টাউন এম ই স্কুলৰ ভিতৰে বাহিৰে আজি পুৱা তেজৰ চেঁকুৰা উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, আজি পুৱা একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত এটা শ্ৰেণী কোঠাত প্ৰথমে তেজৰ চেকুৰা প্ৰত্যক্ষ কৰে।

আনকি বিদ্যালয়খনৰ সন্মুখ ভাগৰ লগতে ৰাস্তাতো তেজৰ চেকুৰা প্ৰত্যক্ষ কৰাত  ছাত্র-ছাত্ৰী আৰু শিক্ষকৰ মাজত  হুৱাদুৱা লাগে। তদুপৰি আতংকিত হৈ পৰা ছাত্ৰ-ছাত্ৰীয়ে চিঞৰ-বাখৰ আৰম্ভ কৰে। মহুৰ্তৰ ভিতৰতে স্থানীয় কেবা শতাধিক ৰাইজ উপস্থিত হৈ সমগ্ৰ পৰিৱেশ অধ্যয়ন কৰাৰ লগতে জুৰীয়া আৰক্ষীক খবৰ দিয়ে। লগে লগে জুৰীয়া আৰক্ষী আৰু ৰূপহীহাট চক্ৰ বিষয়া দৰ্শনা তেতিয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এয়া এক হত্যা কাণ্ডৰ ঘটনাৰ পৰিণতি নে আন কিবা সেইটো নিশ্চিত হ’ব পৰা নাই। নিশা কোনো লোকক বিদ্যালয়ৰ চৌহদত হত্যা কৰি মৃতদেহ দুবৃৰ্ত্তই লোকুৱাই ৰখাৰ সন্দেহ কৰিছে স্থানীয় একাংশ ৰাইজে।

আৰক্ষীয়ে অধিক তথ্য উৎঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এয়া হত্যা কাণ্ডৰ ঘটনা নহয় বুলি প্ৰাথমিক তদন্তত নিশ্চিত কৰিছে আৰক্ষীয়ে। ইপিনে  বিদ্যালয়খনত আজি সৃষ্টি হোৱা এনে অবাঞ্চিত ঘটনাৰ বাবে বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা কৰিব লগা হয় বিদ্যালয়  কৰ্তৃপক্ষই। উল্লেখ্য যে, অলপতে এইখন বিদ্যালয়ৰ সন্মুখতে সংঘটিত গামোচা দাহ কাণ্ডই  সমগ্ৰ জুৰীয়া অঞ্চলজুৰি এক চেপা উত্তেজনা অব্যাহত থকাৰ সময়ত আজি এইদৰে বিদ্যালয়খনৰ ভিতৰে বাহিৰে তেজৰ চেকুৰা উদ্ধাৰ হোৱা ঘটনাই সকলোৰে মাজত এক  আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।

 

Related Articles

Leave a Reply

Close