অসম

ডাইনী সন্দেহৰ বলি হৈ প্ৰায় ২০ ধৰি নিজ ঘৰ এৰা এহাল বৃদ্ধ দম্পত্তিক উদ্ধাৰ কৰিলে নগৰবেৰাৰ স্বেচ্ছাসেৱী সংস্থা প্ৰহৰীয়ে

প্ৰথম খবৰ, নগৰবেৰা: ডাইনী কাণ্ডই আজি জোকাৰি গৈছে নগৰবেৰা অঞ্চল। গোৱালপাৰা জিলাৰ ধূপধৰাৰ উদালপাৰাৰ এহাল বৃদ্ধ দম্পত্তিৰ কৰুণ জীৱন কাহিনীয়ে সকলোকে অবাক কৰি তুলিছে। উদালপাৰা গাঁৱৰ ইলেন বড়ো আৰু সুবে বড়োক গাঁৱৰ ৰাইজে ডাইনীৰ সন্দেহত বিভিন্ন প্ৰকাৰে অত্যাচাৰ চলাই গাঁৱৰ পৰা খেদি দিয়ে। প্ৰাণৰ মমতাত ২০ বছৰ পূৰ্বে নিজৰ ঘৰ দুৱাৰ এৰি বিভিন্ন ঠাইত আশ্ৰয় গ্ৰহণ কৰি থকা বৃদ্ধ দম্পত্তিহাল এতিয়া অসহায় হৈ পৰিছে।

এসময়ত সমজুৱাৰ ভয়ত ঘৰ দুৱাৰ এৰি ঠেলা চলাই পেট প্ৰৱৰ্তন কৰা বৃদ্ধ দম্পত্তিহাল এতিয়া জীৱনৰ বিয়লি বেলাত ভৰি দিছে। দম্পত্তিহালৰ স্বাস্থ্যৰ অৱনতি ঘটাত নগৰবেৰাৰ স্বেচ্চাসেৱী সংস্থা প্ৰহৰীৰ কৰ্মকৰ্তা সকলে দুয়োকে আজি নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়। সমগ্ৰ ঘটনাটোৱে জোকাৰি গৈছে নগৰবেৰা অঞ্চলক। ইতিমধ্যে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা চলি আছে দম্পত্তিহালৰ। থানাত খৱৰ দিয়াত আৰক্ষী বিষয়াই দম্পত্তিহালৰ খৱৰ লয়।

Related Articles

Leave a Reply

Close