
প্ৰথম খবৰ, পেঙেৰী: ডিগবৈৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ সহপাঠী ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈছে এজন সপ্তম শ্ৰেনীৰ ছাত্ৰ। ছাত্ৰজনৰ নাম মৃন্ময় লেখক৷
জানিব পৰা মতে, আজি দিনৰ ভাগত বিদ্যালয়খনত শ্ৰেণী চলি থকাৰ সময়তে সপ্তম শ্ৰেণীৰ ছাত্ৰজনক পিছফালৰ পৰা লক্ষী মেচ নামৰ ছাত্ৰজনে ডিঙি চেপা দিয়ে। ফলত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন৷ সম্প্ৰতি অক্সজেন দিবলগীয়া অৱস্থা ছাত্ৰজনৰ৷ ছাত্ৰজন সম্প্ৰতি সংকটজনক অৱস্থাত ডিগবৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ছাত্ৰ জনৰ পিতৃ ভৱজিৎ লেখকে এই সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷
উল্লেখ্য যে, শ্ৰেণী কোঠাত সহপাঠীৰ এনে কাজিয়াই বিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাটোৰ ফোপোঁলা স্বৰূপ উদঙাই দিছে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীকে ধৰি অন্যান্য শিক্ষকসকলে বিষয়টো সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে৷ এই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷