অসম

তালাপত চুৰি বাইক উদ্ধাৰ 

প্ৰথম খবৰ, তালাপ: যোৱা ১২ চেপ্তেম্বৰৰ নিশা ঘৰৰ ভিতৰত ৰখা এখন পাল্চাৰ বাইক চোৰে লৈ যোৱাৰ পাছত আজি বাইকখন চাহ বাগিচাৰ মাজত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয়। প্ৰাপ্ত খবৰ মতে, আজি স্থানীয় খোবাং চাহ বাগিচাৰ লাইনা আউট গাৰ্ডেনৰ ৮ নং চেক্সনত কাম কৰিবলৈ যোৱা বনুৱাই প্ৰথমে মটৰ বাইকখন দেখা পাই বাগিচা কৰ্তিপক্ষক খবৰ দিয়ে।

বাগিচা কৰ্তৃপক্ষৰ খবৰ অনুসৰি তালাপ আৰক্ষীয়ে উক্ত স্থানৰ পৰা মটৰ বাইকখন উদ্ধাৰ কৰি আনি নম্বৰ প্লেট খুলি পেলোৱা বাইকখন চিনাক্ত কৰে। সম্প্ৰতি বাইক চোৰৰ সন্ধানত আৰক্ষীৰ জোৰ তদন্ত চলি থকা বুলি প্ৰকাশ।

Related Articles

Leave a Reply

Close