অসম

তালাপত শতবৰ্ষ অতিক্ৰম কৰা দুৰ্গা পূজা

তালাপৰ পৰা শান্তনু গোস্বামী, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ তালাপ বজাৰৰ শনি মন্দিৰৰ পুৰুহিতৰ পৰিয়ালটোৱে আৰম্ভ কৰা দুৰ্গা পূজা ভাগে এইবাৰ ১৪২ বছৰত ভৰি দিছে। আজো আইতাকে আৰম্ভ কৰা এই পূজাভাগ প্ৰথম অৱস্থাত ঘৰুৱা পূজা স্বৰূপে চলাই আহিছিল যদিও পাছলৈ খৰছৰ জোৰা মাৰিবলৈ দান বৰঙণি সংগ্ৰহ কৰিবলৈ লোৱাৰ লগতে পূজা ভাগ ৰাজহুৱা হৈ পৰিল। শনি মন্দিৰ দুৰ্গা পূজা সমিতি গঠন কৰি প্ৰতি বছৰে কৰাই অহা পূজা ভাগত সম্প্ৰতি আধুনিকতাৰ পৰশ পৰিছে যদিও আধ্যাত্মিক দিশত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে । পৰিয়ালটোৰ তৃতীয় প্ৰজন্মৰ লোক জড়িত হৈ থকা পূজা কমিটিয়ে বৰ্তমান পূজাভাগ কৰাই আহিছে আৰু ভক্তৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে ।

Related Articles

Leave a Reply

Close