অসম

তিতাবৰত এবিভিপি ৰ মৌন প্ৰতিবাদ, মুখত ক’লা কাপোৰ লৈ ৰাজপথত খোদ শাসকীয় দলৰে ছাত্ৰ সংগঠন

তিতাবৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ৰাজ্যত সঘনাই সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত এইবাৰ ৰাজপথত ওলাল খোদ শাসকীয় দলৰে ছাত্ৰ সংগঠন এবিভিপি ৰ কৰ্মী। শেষতীয়াকৈ ৰাজ্যত নিৰাপত্তাহীনতাত ভুগা টেট শিক্ষয়িত্ৰীৰ কাণ্ডই ৰাজ্যত নাৰীৰ নিৰাপত্তা কিমান তাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সময়তে চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল খোদ নিজা দলৰে ছাত্ৰ সংগঠনটো।

আজি তিতাবৰৰ ৰাজপথত এবিভিপি ৰ কৰ্মী সকলে হাতত মম আৰু মুখত ক’লা কাপোৰ লৈ প্ৰেছ ক্লাবৰ বাকৰিত সমবেত হয় আৰু চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। ৰাজ্যত নাৰী নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগক দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

লক্ষণীয় যে খোদ শাসকীয় দলৰে ছাত্ৰ সংগঠনে এনেদৰে প্ৰতিবাদত নমা কাৰ্যই ৰাজ্যৰ গৃহ বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

Related Articles

Leave a Reply

Close