অসম

তিনিশ কোটিটকীয়া ফ’ৰলেন কেলেংকাৰীৰ তদন্ত চি বি আইক অৰ্পনৰ দাবীত ১১ চেপ্টেম্বৰত শিৱসাগৰ জিলাত বন্ধৰ আহ্বান

প্ৰথম খবৰ, শিৱসাগৰ: বিগত দুটা মাহ ধৰি শিৱসাগৰৰ ১৪ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চ যৌথ সংগ্ৰামী মঞ্চই শিৱসাগৰৰ বিয়াগোম ফ’ৰলেন কেলেংকাৰীৰ তদন্ত চি বি আইৰ হাতত অৰ্পন কৰাৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে।

যৌথ সংগ্ৰামী মঞ্চৰ আন্দোলন অব্যাহত থকাৰ সময়তেই মাহমৰাত ন-ভূঁইত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কেলেংকাৰী এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি উল্লেখ কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে এই ঘোষণাৰ কেইদিনমানৰ পাছতেই এই কেলেংকাৰীৰ তদন্ত চি বি আইৰ পৰিৱৰ্তে চি আই ডিক অৰ্পণ কৰাত জাঙোৰ খাই উঠিল শিৱসাগৰ যৌথ সংগ্ৰামী মঞ্চই।

কালি এই কেলেংকাৰীৰ তদন্তভাৰ চি বি আইক অৰ্পন কৰাৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত দল-সংগঠনসমূহে মুখত ক’লা কাপোৰ বান্ধি দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীতে যৌথ সংগ্ৰামী মঞ্চই ১১ চেপ্টেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলাৰ বন্ধৰ আহ্বান জনাইছে বুলি অশ্বিনী চেতিয়াই উল্লেখ কৰে।

Related Articles

Leave a Reply

Close