অসম

তৃণমুল পৰ্যায়ৰ-প্ৰাথমিক স্তৰৰ কৰ্মকৰ্তা-সদস্যই হ’ল বিজেপি দলৰ মূল ভেঁটি: ৰীণা টেৰাংপি

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৯ নং আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টিলাবস্তীস্থিত বিবাহ ভৱনত আজি বিজেপিৰ এখন পূৰ্ণকালীন সভা অনুষ্ঠিত হয়৷ বিজেপি কেন্দ্ৰীয় তথা ৰাজ্যিক সমিটিৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা বিজেপিৰ এই পূৰ্ণকালীন সভাত পাহাৰীয়া জিলা কাৰ্বি আংলঙত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গঠিত হৈ থকা প্ৰতিটো বিজেপি স্থানীয় সমিটিয়ে দলৰ বাবে অথবা দলীয় নীতি-আদৰ্শৰে কিদৰে  চৰকাৰক সহায় সহযোগ আগবঢ়োৱাই যাব সেই সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে বিজেপি স্থানীয় সমিটিসমুহক এই সভাৰ যোগে৷

উল্লেখ্য যে উল্লেখিত পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত থকা মুঠ ৪৬ খনকৈ বিজেপি স্থানীয় সমিতিৰ সভাপতি-সম্পাদক আৰু সদস্য উপস্থিত থকা পূৰ্ণকালীন সভাত আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে ভাষন প্ৰসংগত কয় যে “তৃণমুল পৰ্যায়ৰ-প্ৰাথমিক স্তৰৰ কৰ্মকৰ্তা-সদস্যই হ’ল বিজেপি দলৰ মুল ভেটি”৷ গতিকে কোনো বিজেপি নেতা অথবা কৰ্মকৰ্তাই কেতিয়াও উপলব্ধি কৰিব নালাগে যে মই বিজেপিৰ ৰাজ্যিক সমিটি, জিলা সমিটি অথবা মণ্ডল সমিটিত নাই গতিকে মোৰ গুৰুত্ব নাই বুলি৷ সেইটো ভাবিলে ভুল হ’ব, কাৰণ দলৰ বাবে ৰাজ্যিক সমিটিৰ যি কাম সেই একেই কাম বিজেপি স্থানীয় সমিটিৰো বুলি কয় টেৰাংপিয়ে৷

আনকি এইবুলিও উল্লেখ কৰে যে আমি সকলো বিজেপি কৰ্মকৰ্তায়েই বিজেপিৰ নীতি আদৰ্শৰ একেডাল এনাজৰিৰেই বান্ধ খায় আছো, আমাৰ উদ্দেশ্যই হৈছে সবকে সাথ সবকে বিকাশ৷ গতিকে দল আৰু চৰকাৰৰ মাজত আমি এক সুসমন্বয় গঢ়ি আমি আমাৰ জিলাখনৰ লগতে আমৰেং সমষ্টিৰ উজ্জ্বল ভৱিষ্যতৰ চিন্তা কৰাটোহে উচিত৷ আমি সকলোয়ে জিলা আৰু আমৰেং সমষ্টিৰ স্বাৰ্থত উন্নয়ণ আৰু প্ৰগতিৰ বাবে কাম কৰি যাব লাগিব বুলি কয় টেৰাংপিয়ে৷

আনহাতে সভাত উপস্থিত থকা পৰিষদীয় সদস্য পৱন কুমাৰ আৰু পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ সাধাৰণ সম্পাদক ৰদীপ ৰংহাঙেও সভাত উপস্থিত থকা বিজেপি স্থানীয় সমিটিৰ কৰ্মকৰ্তাক উদ্দেশ্যি কয় যে বিজেপি দলৰ উচ্চ পৰ্যায়ৰ পৰা প্ৰদান কৰা নিৰ্দেশ অনুসৰি প্ৰতিটো মাহৰ শেষৰফালে প্ৰত্যেকখন বিজেপি স্থানীয় সমিটিয়ে নিজৰ নিৰ্দিষ্ট এলেকাত এবাৰকৈ সভা অনুষ্ঠিত কৰিব লাগিব লগতে বিজেপি প্ৰাথমিক সদস্যভৰ্তী অভিযান কাৰ্যসূচী হাতত লোৱা, স্বচ্ছ ভাৰত অভিযান ৰূপায়ন কৰা, বিদেশি বস্তু ব্যৱহাৰৰ পৰিবৰ্তে স্বদেশী বস্তু ব্যৱহাৰ কৰা, চৰকাৰী আঁচনি ৰূপায়ণ আদি সন্দৰ্ভত আলোচনা কৰা আদি বিষয়ে অৱগত কৰাৰ লগতে এনেবোৰ কাৰ্যসুচী সঠিকভাৱে ৰূপায়ন কৰিবলৈ আৰু প্ৰতিগৰাকী কৰ্মকৰ্তাক সকলো বিষয়তে জ্ঞাত কৰি তুলিবলৈ আহ্বান জনায় বিজেপি স্থানীয় সমিটিসমুহক পৱন কুমাৰ আৰু ৰংহাঙে৷


উল্লেখযোগ্য যে আমৰেং মণ্ডল সমিটিৰ সভাপতি ধ্ৰুপদেউ চৌহানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্য ক্ৰমে ৰীণা টেৰাংপি, পৱন কুমাৰ উপস্থিত থকাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ ক্ৰমে মহিলা মৰ্চাৰ উপ সভানেত্ৰী কিনা দাউলাগফো, সাধাৰন সম্পাদক ৰদীপ ৰংহাং, সদস্য ৰণ বাহাদুৰ ছেত্ৰী, আমৰেং মণ্ডল সমিটিৰ সম্পাদক জয়বাহাদুৰ চৌহান উপস্থিত থাকে আয়োজিত এই সভাত৷

Related Articles

Leave a Reply

Close