অসম

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড, এটা ঘৰ ভস্মীভূত

প্ৰথম খবৰ, দুলীয়াজান: আজি নিশা দুলীয়াজানত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ঘৰৰ ভেটি বিক্ৰী কৰিবলৈ নাপায় পুত্ৰই জ্বলালে নিজৰ ঘৰ। প্ৰাপ্ত তথ্য অনুসৰি, নাওহলীয়া আৰক্ষী চকীৰ অন্তগৰ্ত দুলীয়াজানৰ কাষৰীয়া ১ নং বৰপথাৰ গাঁৱৰ ৰূপেশ্বৰ গগৈৰ পুত্ৰ পলাশ গগৈয়ে (২৭) সন্ধিয়াভাগত নিচাসক্ত হৈ এই কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত দিন ধৰি বিবাহিত পুত্ৰই দেউতাকক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি অহাৰ উপৰিও নিজৰ ঘৰৰ ভেটি বিক্ৰী কৰিবলৈ দেউতাকক জোৰ দি আহিছিল। আজিও তেনে এক সংঘাতৰ পৰিণতিতে এই ঘটনাটো সংঘটিত হোৱাৰ কথা প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। তৎমুহূৰ্ততে এই জুই কাষৰীয়া ঘৰলৈ বিয়পি পৰাত পৰিয়ালটোৰ কিছু ক্ষতিগ্ৰস্থ হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে ঘটনাৰ খবৰ লাভ কৰি দুখনকৈ অইলৰ অগ্নিনিৰ্বাপক বাহনৰ দ্বাৰা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসী ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে। অৱশ্যে এই ঘটনাৰ পাছত অভিযুক্ত পলাশক আত্মীয় লোকে মাৰ-ধৰ কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক আটক কৰে।

Related Articles

Leave a Reply

Close