অসমশীৰ্ষ

দুৰ্গা পূজা নপতা অসমৰ একমাত্ৰ জিলাত খোল তাল নেগেৰাৰ শব্দ

মাজুলীৰ পৰা ৰিদিপ বৰা, প্ৰথম খবৰ: দূ্ৰ্গা পূজা নপতা অসমৰ একমাত্ৰ জিলা খন হ’ল মাজুলী। কৃষ্টিৰ বৰঘৰ নদীদ্বীপ মাজুলী, য’ত দিনে নিশাই চলে সংস্কৃতি অাৰু ভক্তিৰ অান্দোলন। য’ত নচলে বলি বিধান অথবা দেবী পূজা।
শৰতৰ বুলিলেই মাজুলীত সৌন্দৰ্যৰ অান্দোলন। শৰতত গাভৰু হয় মাজুলী। শৰতৰ পৰাই মাজুলীত উৎসৱৰ উৎসাহ। দুৰ্গা পূজাৰ বিপৰীতে মাজুলীত চলিছে গুৰু জনাৰ জন্মোৎসৱৰ বিশাল অায়োজন। মাজুলীত এতিয়া খোল নেগেৰা তালৰ শব্দত অাকাশ বতাহ মুখৰিত। সত্ৰই নামঘৰে চলিচে বৰ্নিল কাৰ্যসূচী।

দুপৰ নিশালৈকে চলিছে ভাওনাৰ অাখৰা। দিহানাম হৰিনাম গায়ন বায়নেৰে দিন অাৰু ৰাতি হৈছে মাজুলীত। গুৰুজনাৰ অমৰ সৃষ্টিৰে দলদোপ হেন্দোলদোপ শংকৰ মাধৱৰ মনিকাঞ্চন ক্ষেত্ৰ মাজুলী। বান খহনীয়াই সত্ৰদ্বীপবাসীৰ সপোনৰ গজালি চিগাৰ পাছত সকলো পাহৰি এতিয়া গুৰু জনাক স্মৰন কৰি ভক্তি ধৰি ৰখাৰ যুঁজ চলিছে।

চৌদিশে অান্দৰ বন্যা। এক উখল মাখল পৰিৱেশ। মাজুলীৰ দুই শতাধিক নামঘৰৰ লগতে ডেৰকুৰি সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ দুদিনীয়াকৈ পালন কৰিছে। কোনো কোনো ঠাইত যোৱা কালিৰে পৰা বৰ্ণিল কাৰ্যসূচী। অায়তীৰ দিহানাম, গায়ন বায়নেৰে উদুলি মুদুলি মাজুলী। আজিও পুৱাতে নামঘৰ সমূহৰ পৰা ভাগৱত শুভাযাত্রা লগতে শংকৰদেৱ শিশু নিকেতন বনগাঁৱতো ভাগৱত শোভা যাত্ৰা উলিয়াই।

Related Articles

Leave a Reply

Close