অসম

দেওকণ ট্ৰফীত খিতাপ বিজয়ী দললৈ হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন

বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: শিক্ষাৰ লগতে ক্ৰীড়া মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ।এই কথাষাৰ সৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ লগতে সমূহ অসমবাসীৰ মানসিক বৌদ্ধিক তথা সামাজিক বিকাশ সাধন কৰাৰ মহৎ উদ্দেশ্য আগত ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

সম্প্ৰতি গোলাঘাট জিলাত অনুষ্ঠিত হোৱা All District Champion chip নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কুজীডাঁ‌হ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটিয়ে দেওকন সোঁৱৰণি ট্ৰফীত চেম্পিয়নচিপৰ খিতাপ অৰ্জন কৰি অঞ্চলটি লৈ গৌৰৱ কঢ়িয়াই আনে। হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি কুজীডাঁ‌হ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দলতোক অভিনন্দন জনোৱা হয়।

হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিপন শৰ্মাই আঁতঁ ধৰা উক্ত অভিনন্দন অনুষ্ঠানটোত নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত দাস কুজীডাঁ‌হ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপা বৰা, বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সমন্বিতে বিষয় ববীয়া সমূহ উপস্থিত থাকি দলটিক উৎসাহ জগাই। অধ্যক্ষা দীপা বৰা আৰু নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত দাসে কয় যে এই দলটোৱে মাথোঁ বিদ্যালয় খনলৈ নহয়,বৰঞ্চ অঞ্চলটো, জিলাখনৰ লগতে সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

এতিয়া দলটোৱে all assam champion trophy
সুব্ৰত কাপ খেলিবলৈ প্ৰস্ততি চলাই আছে।

 

Related Articles

Leave a Reply

Close