নিবন্ধসাহিত্য

দেৱীৰ প্ৰতিমাৰ সন্মুখত উচ্চাৰিত শংকৰদেৱৰ হৰিনাম

কল্পজ্যোতি শইকীয়া:

দুৰ্গা পূজাৰ দেৱীৰ সন্মুখত যেতিয়া “শংকৰদেৱে হৰিনাম ল’বলৈ কয়” “হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে ৰাম নামে সাৰ” ইত্যাদি হৰিনামবোৰ শুনিবলৈ পাওঁ তেতিয়া সৰুতে পঢ়া শংকৰদেৱৰ ৰচনাখনলৈ মনত পৰে… তাত লিখা আছিল শংকৰদেৱৰ জন্ম হোৱাৰ লগে লগে দেৱীৰ আগৰ চাকি-বন্তি নুমাই গৈছিল। শাক্ত পন্থী আৰু বৈষ্ণৱ ধৰ্মক একাকাৰ কৰাৰ প্ৰয়াস নেকি এয়া?

যেতিয়া হৰিনামসমূহ দেৱী দুৰ্গাৰ সন্মুখত পৰিৱেশন কৰা দেখো নাইবা কৰ্ণপাত হয় তেতিয়া সহ্য নহয়। চিঞৰি চিঞৰি ক’বলৈ মন যায় “সংস্কৃতি ৰক্ষাৰ নামত অপসংস্কৃতিৰ বেহা মেলা হৈছে নেকি?” মই কোনো ধৰ্ম ভিৰু নহয় অথবা নাস্তিকো নহয় কিন্তু চকুৰ আগত দেখি থকা ভুলবোৰ সহ্য নহয়।

শংকৰদেৱৰ মতে :-
আন দেৱী দেৱ
নকৰিবা সেৱ
গৃহে নপসিবা
প্ৰসাদো নুভুঞ্জিবা
ধৰ্ম হৈব ব্যভিচাৰ

মাধৱদেৱৰ নামঘোষাত প্ৰকাশ কৰিছে:-
বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয়।
জানিবাহা কদাচিত সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয়।।

দেৱী দুৰ্গাৰ বিৰোধিতা কৰাৰ মানসিকতা মোৰ নাই। তথাপি দেৱীক আৰাধনা কৰাৰ শ্লোক নাইবা অন্য ভক্তিমূলক গীত আছে, সেইসমূহ যদি পৰিৱেশন কৰে তেন্তে নিশ্চয়কৈ শুনিবলৈও শুৱলা হ’ব আৰু ভক্তিভাৱৰ পৰিৱেশ এটিৰ সূচনা হ’ব।

Related Articles

Leave a Reply

Close