অসম

দৰং জিলাৰ মঙ্গলদৈত সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি উন্মোচন

মংগলদৈ/দেওমৰনৈৰ নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ মঙ্গলদৈত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন। ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যেগত স্থাপন হোৱা প্ৰতিমূৰ্ত্তি উন্মোচন কৰে মঙ্গলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যেতি দাস দেৱে।

মঙ্গলদৈৰ বেগা নদীৰ পাৰত সুধাকণ্ঠগৰাকীৰ প্ৰায় ২০ লাখ টকাৰে নিৰ্মিত প্ৰতিমূৰ্ত্তিটো ১০ ফুট উচ্চতাৰ পূৰ্ণ অৱয়ৰ মুৰ্ত্তি স্থাপন কৰে। লগতে এই গৰাকী বিশ্ৰ বিশ্ৰুত শীল্পীগৰাকীৰ ৯১ সংখ্যক জন্মদিনত প্ৰতিমূৰ্ত্তিটো দান কৰে দলগাঁৱৰ বিশিষ্ট ব্যৱসায়ী শ্ৰীযুত কুলেন হাজৰিকাই।

শিল্পী মিৰ্জাৰ বিজু কুমাৰ দাস। কুলেন হাজৰিকা দেৱক সম্বৰ্ধনা জনাইছে মৰমৰ বিধায়ক গুৰুজ্যোতি দাসে। অনুষ্ঠানত বিভিন্ন দল সংগঠন, বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

Related Articles

Leave a Reply

Close