অসম

নগাঁৱত নাগৰিক মঞ্চৰ জাতীয় সংহতি সভা

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: যি সময়ত অসমৰ সৰ্বত্ৰে বিচ্ছিন্নতাবাদে গা কৰি উঠিছে। ধৰ্মৰ নামত, জাতিৰ নামত বিভাজনমুখী চিন্তাই সকলোকে গ্ৰাস কৰিছে তেনে সময়তে দেওবাৰে নগাঁৱত অনুষ্ঠিত হ’ল জাতীয় সংহতি সভা। সকলো ধৰণৰ বিছিন্নতা বাদী শক্তিক প্ৰতিহত কৰাৰ সংকল্প গ্ৰহন কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হ’ল এই সভাখন।

জাতি-ধৰ্ম নিৰ্বিশেষে নাগৰিক মঞ্চ নগাঁৱৰ আহ্বানত নগাঁও শ্বহীদ ভৱনত এই সভাখন অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-আজান ফকীৰ, লাচিত বৰফুকন-ইচমাইল চিদ্দিকিৰ পৰা ধৰি জ্যোতি প্ৰসাদ আগৰৱালা-হেমাংগ বিশ্বাস আদিয়ে দি যোৱা সমন্বয়ৰ চিন্তা আৰু আদৰ্শৰ বৰ্তমান সময়ৰ ক্ষেত্ৰত থকা প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সভাখন অনুষ্ঠিত হৈছিল।

সভাখনত সকলোৱে অসমীয়াৰ স্বাভিমানক আঘাট হনা সকলৰ বিৰুদ্ধে, সাম্প্ৰদায়িক উচতনিৰে ভাতৃত্বৰ বান্ধোন চিঙিব বিচৰা সকলৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লয়। সন্দেহ, শংকা এৰি অসমীয়াৰ স্বাভিমান ৰক্ষাৰ সংকল্প লয়। সমাজকৰ্মী চিৰাজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

 

Related Articles

Leave a Reply

Close