সভা-সমিতি

নলবাৰীত সজাগতা সভা

প্ৰথম খবৰ, বৰভাগঃ নলবাৰী জিলাৰ নাট্য মন্দিৰত বেংকিং লোকপাল আঁচনি ২০০৬ৰ ওপৰত সজাগতা সভা এখনি অনুষ্ঠিত হয় ৷ বিভিন্ন শ্ৰেণীৰ বেংক গ্ৰাহক আৰু নলবাৰীত অৱস্থিত ২০টাকৈ বাণিজ্যিক বেংকৰ শাখা প্ৰৱন্ধক আৰু নটাৰী বিষয়ায়ে অংশগ্ৰহণ কৰে৷

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ উদ্যোগত অসম গ্ৰামীণ বিকাশ বেংকৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত বেংকিং লোক পালক কেনেকৈ প্ৰত্যক্ষভাৱে গ্ৰাহকে বিভিন্ন অভাৱ অভিযোগ দিব পাৰে তাৰ ওপৰত আলোচনা কৰা হয়৷

Related Articles

Leave a Reply

Close