অসম

নাজিৰাত চাঞ্চল্যকৰ ঘটনা, পৃথক পৃথক স্থানত দুজন পুৰুষৰ মৃতদেহ উদ্ধাৰ 

প্ৰথম খবৰ, নাজিৰা: দশমী দিনাই নাজিৰাত মৃতদেহৰ উজান উঠিছে। পৃথক পৃথক স্থানত দুটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শনিবাৰে পুৱা নাজিৰা মহকুমাৰ অন্তৰ্গত মেজেঙ্গা কেতেকীবাৰীত নামদাঙ নদীত উপঙি থকা অৱস্থাত মোহন ঘাটোৱাৰ নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হয়।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ ভঙা বাঁহৰ দলঙৰ ওপৰৰ পৰা পৰি ব্যক্তিজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে। আনহাতে গেলেকী নামদঙীয়া নদীত পুৱাই এজন মাছ মৰীয়াই পানী যুঁৱলি গলিত অৱস্থাত এটা পুৰুষৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক অৱগত কৰে।

ৰাইজে স্থানীয় গেলেকী আৰক্ষী থানাত অৱগত কৰে যদিও বহু পলম কৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।পৰৰ্ৱতী সময়ত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে আৰু দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close