অসমবিনোদনযুৱ

পুনৰ কৰ্মশালাৰ আয়োজন কৰিছে লটিঘটিয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ জনপ্ৰিয় টি-চাৰ্ট ব্ৰেণ্ড লটিঘটি। বিগত বহু বছৰৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মশালা তথা মডেলিং জগতৰ লগত জড়িত অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

পুনৰ তেওঁলোক আগবাঢ়িছে আন এখন কৰ্মশালা অনুষ্ঠিত কৰিবলৈ। বিউটী পেগনেণ্ট কোচ্ছ চাও পৰাণ জে গগৈ আৰু  নাগালেণ্ডৰ যুৱতী তথা ফেমিনা মিছ ইণ্ডিয়া নাগালেণ্ড ২০১৭ৰ বিজয়ী প্ৰাৰ্থী কাহেলি চোফীৰ উপস্থিতিত এইবাৰ আয়োজন কৰা হৈছে এক বিশেষ কৰ্মশালাৰ। এই কৰ্মশালাত মডেলিং, গ্ৰুমিং তথা পাৰ্চনেলিটি ডেভেলপমেণ্ট আদি বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিয়া হ’ব এই কৰ্মশালাত।

চলিত বৰ্ষৰ ১১ চেপ্টেম্বৰত আৰম্ভ হ’বলগীয়া এই কৰ্মশালাত প্ৰাৰ্থীসকলক শিকোৱা হ’ব ৰেম্প মডেলিং, প্ৰিণ্ট মডেলিং, ফিটনেচ টিপছ, বিউটী টিপছ, যোগাসন, ফেশ্বন শ্ব’, প’ৰ্টফ’লিঅ শ্বুট, কমিউনিকেচন স্কীল আৰু পেগনেণ্ট টিপছ।

এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীসকলে নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰিব পাৰে ৯৮৫৪০৪৯৫০৫ নম্বৰত।

লটিঘটিৰ ঠিকনাঃ মনীষা চেবুলন, লিটিল ফ্লাৱাৰ স্কুলৰ সমীপত, অপজিত ডালিমী ছুইটছ, হাতীগাঁও, গুৱাহাটী-৩৮।

সবিশেষ জানিবলৈ লগ ইন কৰক twitter.com/lotighoti

Instagram.com/lotighoti

lotighoti@fb.com/lotighoti

 

Related Articles

Leave a Reply

Close