অসমশীৰ্ষ

পূৱ তেজপুৰ বাৰোৱাৰি দুৰ্গা পুজা সমিতিৰ প্ৰতিমা অসমীয়া সাঁজত

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: শোণিতপুৰ জিলাত ৩৮০ খন দুৰ্গা পুজা সমিতিয়ে দুৰ্গা পুজা অনুষ্ঠিত কৰি সকলো পুজা সমিতিয়ে সুকীয়া সুকীয়া ধৰণৰে প্ৰতিমা সজাই তুলিছে। একেদৰে পূৱ তেজপুৰ বাৰোৱাৰি দুৰ্গা পুজা সমিতিয়ে অসমীয়া সাজত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰিছে ।

১৯৬৩ চনত স্থাপিত পূৱ তেজপুৰ বাৰোৱাৰি দুৰ্গাপুজা সমিতিয়ে এইবেলি দেৱী দুগা, সৰস্বতী, লক্ষীয়ে অসমীয়া চাদৰ মেখেলা পৰিহিত কৰোৱাৰ লগতে কাৰ্তিক, গণেশৰ মূৰ্তিত অসমীয়া ধুতি গামোচা পৰিহিত কৰোৱা দেখা গৈছে। অসমীয়া পৰম্পৰা ৰক্ষাৰ বাবে পূৱ তেজপুৰ বাৰোৱাৰি দুৰ্গা পুজা সমিতিৰ পদক্ষেপক বহুতে শলাগ লৈছে ।

Related Articles

Leave a Reply

Close