অসম

পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত যুৱ কংগ্ৰেছীৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, গোসাঁইগাঁও: সম্প্ৰতি পেট্ৰেল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি গোসাঁইগাঁও মহকুমাধীপতিৰ কাৰ্যালয়ৰ সন্মুখত যুৱ কংগ্ৰেছীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ পৰিৱৰ্তনৰ শ্লোগান দিয়া বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীৰ উপৰি পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধি হোৱাৰ পিছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই। মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ৰাজ্য জুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বি জে পি চৰকাৰ মাছলীয়া, বি জে পি চৰকাৰ হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, দৰিদ্ৰ জনসাধাৰণৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি শ্লোগানেৰে মহকুমাধীপতিৰ কাৰ্যালয় পৰিহৰ উত্তাল কৰি তুলে৷

গোসাঁইগাঁও ২৮ নং বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি হাফিজুৰ ভূঞাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ তীব্ৰ ভাষাৰে সমালোচনা কৰি দিনক দিনে বয়-বস্তুৰ মূল্য বৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাইছে যদিও অত্যাধিক মূল্য বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ কৰে ৷ পৰিৱৰ্তনৰ শ্লোগান দিয়া বি জে পি চৰকাৰে সমান্তৰাল ভাৱে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধ কৰি অহাৰ ফলত চৰকাৰী তথা বেচৰকাৰী বাহনৰ ভাড়া বৃদ্ধি পাইছে আৰু যাৰ প্ৰভাৱ সকলোৰে ওপৰতে পৰিছে বুলি ক্ষোভ উজাৰে৷ উক্ত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত গোসাঁইগাঁও মহকুমাধীপতিৰ জৰিয়তে কেইবাটাও দাবী সম্পন্ন এখন স্মাৰক পত্ৰ ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

 

 

৯৮৫৪২৩৭৮০৪

Related Articles

Leave a Reply

Close