অসম

ফকিৰাগ্ৰাম সমবায় সমিতিত শোক সভা, বন্ধ পালন

প্ৰথম খবৰ, ফকিৰাগ্ৰাম: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমবায় সমিতিৰ সহঃসম্পাদক শঙ্খধৰ নাথৰ মৃত্যুত আজি সমবায় সমিতিত শোক সভা অনুষ্ঠিত কৰা হয়৷ যোৱা ১৪ ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা প্ৰায় ১১ বজামানত আকস্মিক মৃত্যুক আকোৱালী লোৱা সহঃ সম্পাদক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে ২ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷সমবায় সমিতিৰ সভাপতি দীপক মজুমদাৰ, সচিব মান্না দে, সমিতিৰ সদস্য সাহজাহান আহমেদ, স্বপন সৰকাৰ সহ অন্যান্য সদস্যৰ উপৰি শ্ৰমিক-কৰ্মচাৰী সকলেও এই শোক সভাত উপস্থিত থাকি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে৷ এই পৰিপ্ৰেক্ষিতত আজি সমবায় সমিতিত বন্ধ পালন কৰা হয়৷

Related Articles

Leave a Reply

Close