অসম

বগৰিবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা, তীব্ৰবেগী কণ্টিনাৰে মহটিয়াই নিলে বাইক আৰোহীক

বগৰিবাৰীৰ পৰা গুলজাৰ হুছাইন, প্ৰথম খবৰ: আজি দুপৰীয়া এক বজাত গুৱাহাটী অভিমূখী NL-Ol-L 4341 নম্বৰৰ তীব্ৰবেগী কণ্টিনাৰ গাড়ীখনে বগৰীবাৰী থানাৰ অন্তৰ্গত পানবাৰী ৩১নং ঘাইপথত এজন বাইক আৰোহীক খুন্দিয়াই নিহত কৰে। তিনিমাহ পূৰ্বে বাজাছ বীমা কোম্পানীত মকৰল পোৱা যুৱকজন কৰ্তব্যৰত গৌৰীপুৰ কাৰ্যালয়ত গৈ থকা অৱস্থাত এই দূৰ্ঘটনা সংঘটিত হয়।

দুটি সন্তানৰ পিতৃ নিহত যুৱকজন সোনকোষ গোঘাবালাপাৰাৰ প্ৰয়াত হবিবৰ ৰহমানৰ পুত্ৰ হাফিজুৰ ৰহমান (৩৬) বুলি জনা গৈছে। আৰক্ষীয়ে নিহত যুৱকজনে ব্যৱহৃত ML-08A-5053 নম্বৰৰ বাইকৰ সৈতে যুৱকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে। আৰু কণ্টিনাৰ ট্ৰাকখন জব্দ কৰি থানালৈ আনে।

Related Articles

Leave a Reply

Close