অসমশীৰ্ষ

বিধ্বস্ত পথেৰে কাৰ্বি পাহাৰৰ হামৰেণত উপস্থিত হ’ল ৰাজ্যপাল পুৰোহিত

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: সদ্যঘোষিত জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ চহৰত আজি উপস্থিত হ’ল অসম ৰাজ্যৰ মুৰব্বী তথা ৰাজ্যৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত৷  উত্তৰ-পূৱ পৰিষদৰ অধিনত অতি শোচনীয় অৱস্থাত থকা বৈঠালাংছ’-হামৰেণ পথেৰে আহি আজি এনেদৰে উপস্থিত হয় কাৰ্বি পাহাৰৰ হামৰেণস্থিত আৱৰ্তভৱনত ৰাজ্যপাল গৰাকীয়ে৷

উল্লেখ্য যে এইদৰে কঠোৰ কষ্টৰে আৰু চৰকাৰী বাহনেৰে গুৱাহাটীৰ পৰা হামৰেণত উপস্থিত হোৱা ৰাজ্যপালগৰাকীক বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় সংস্কৃতিৰ মাজেৰে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে আদি কৰি পৰিষদখনৰ আন আন কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলে উষ্ম আদৰনি জনায় মহামান্য ৰাজ্যপাল বানৱাৰীলালক৷ ইয়াৰ উপৰিও আয়োজিত অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত দিপক কুমাৰ বৰুৱা, আৰক্ষী প্ৰশাসনৰ প্ৰশাসনীয় বিষয়ববীয়াৰ লগতে বিভিন্ন বিভাৰ উচ্চস্তৰীয় বিষয়ববীয়াসকল উপস্থিত থাকে৷

ইফালে ৰাজ্যপালগৰকীৰ এনে উপস্থিতিৰ সুযোগ লৈ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৰাজ্যপালগৰাকীৰ হাতত৷ গুৰুত্বপূৰ্ণ যে স্মাৰকপত্ৰত শিঘ্ৰে এম অ এছ কাৰ্যকৰী কৰা, সংবিধানৰ ২৪৪ এ ধাৰা অনুযায়ী কাৰ্বি আংলঙক সুকীয়া ৰাজ্য শিঘ্ৰে প্ৰদান কৰা, দিছপুৰ হৈ লাভ কৰাৰ পৰিবৰ্তে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদ যি পুজি সেই পুজিঁ পোনপটীয়াভাৱে দিল্লীৰ পৰা দিফুলৈ প্ৰেৰণ কৰা আদিকে কৰি স্মাৰকপত্ৰযোগে কেইবাদফীয়া দাবী জনায় কাৰ্বি পৰিষদৰ সজাতি দলটোয়ে৷ অৱশ্যে পৰৱৰ্তী সময়ত ই কিমান ফলপ্ৰসু হৈ পৰিব সেয়া বাৰুকৈ লক্ষণীয় হ’ব লগতে মন কৰিবলগীয়া কথা যে কঠোৰ কষ্ট ত্যাগ কৰি আজি এইদৰে হামৰেণত উপস্থিত হোৱা ৰজ্যপালগৰকীয়ে বিধ্বস্ত বৈঠালাংছ’-হামৰেণ পথৰ অৱস্থা স্বয়ং দেখি যোৱাৰ পাছত পথটোৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত৷

আনহাতে এই অনুষ্ঠানৰ মজিয়াতে পশ্চিম কাৰ্বি আংলঙৰ অৰ্থনৈতিক অৱস্থা, উন্নয়ণ আৰু বিকাশ, জলন্ত সমস্যৰাজী আদি বভিন্ন দিশ সম্পৰ্কেও পৰিষদীয় সজাঁতি দলৰ সৈতে আলোচনা কৰে ৰাজ্যপাল গৰাকীয়ে৷

Related Articles

Leave a Reply

Close