অসম

বিলাসীপাৰাৰ চাপৰ ভকত গাঁৱত আনন্দৰ বন্যা

প্ৰথম খবৰ, বিলাসীপাৰা: প্ৰাক্তন মুখ্যমন্ত্ৰী, জননেতা শৰৎ চন্দ্ৰ সিংহ স্মাৰক উদ্যান আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ তথা পুনৰ্নিমাণৰ কাৰ্যৰ আধাৰশিলাৰ আজি শুভ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী আঁছুতীয়া পুঁজিৰে এক কৌটিটকা ব্যয়ৰ সাপেক্ষে নিৰ্মাণ হ’বলগীয়া স্মাৰক উদ্যান আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক অশোক কুমাৰ সিংহী।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী জিলা উন্নয়ন আয়ুক্ত মাম্মুদ হাছান, বিলাসীপাৰা মহকুমাধিপতি, চাপৰ চক্ৰ বিষয়া, বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাইজ। উক্ত প্ৰকল্পটো মহকুমাখনৰ ৰাইজৰ সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব বুলি স্থানীয় ৰাইজ লগতে বিধায়ক সিংহী উল্লেখ কৰে।

Related Articles

Leave a Reply

Close