অসম

বিশেষভাৱে সক্ষম জুতিকা শইকীয়াৰ জীৱন সংগ্ৰাম: ৬টাকৈ সংগঠনৰ আৰ্থিক সাহাৰ্য্য প্ৰদান

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম জলাহগাঁৱৰ বিশেষভাৱে সক্ষম মেধাবী ছাত্ৰী জুতিকা শইকীয়া। ১৯৯১চনৰ ৩১আগষ্টত জন্ম গ্ৰহণ কৰি জন্মতেই এটা ভৰি হেৰুৱা জুতিকা শইকীয়াই নিজকে কেতিয়াও শাৰীৰিকভাৱে অক্ষম বুলি নাভাৱি আগবাঢ়ি গৈছিল জীৱন যুদ্ধত। জুতিকা শইকীয়া এতিয়া পুৰণিগুদাম অঞ্চলৰ এগৰাকী মেধাবী ছাত্ৰী। অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিও দৰিদ্ৰতাক কেতিয়াও জীৱনৰ হেঙাৰ বুলি ভৱা নাছিল।

অতি নম্ৰ আৰু ভদ্ৰ স্বভাৱৰ মেধাৱী ছাত্ৰীগৰাকীয়ে এখন ভৰি অবিহনেই পঢ়া শুনাৰ উপৰিও কাটিং, টেইলৰিঙকে ধৰি সাহিত্য চৰ্চাও অব্যাহত ৰাখিছে। যাৰ বাবে নৱপ্ৰজন্মৰ বাবে আৰ্দশ হৈ পৰিছে এইগৰাকী যুৱতী। আজি এই মেধাৱী ছাত্ৰীগৰাকীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰী গৰাকীৰ বাসগৃহত ৬টাকৈ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান উপস্থিত হৈ ছাত্ৰীগৰাকীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

বিশেষকৈ এইগৰাকী মেধাৱী ছাত্ৰীক কৃত্ৰিম ভৰি সংযোজনৰ বাবে বৃহৎ পৰিমাণৰ আৰ্থিক পুঁজিৰ প্ৰয়োজন হৈছে। ইতিমধ্য কলিকতাস্থিত অট’বক নামৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানটোৱে জুতিকা শইকীয়াৰ কৃত্ৰিম ভৰি সংযোজনৰ ক্ষেত্রত ৪লাখ টকাৰ প্ৰয়োজন হ’ব বুলি জনাইছে। এনেক্ষেত্ৰত বৃহৎ এটা অৰ্থৰ প্ৰয়োজন হোৱাত জুতিকা শইকীয়াকে ধৰি তেওঁৰ পৰিয়ালে পুৰণিগুদামৰ বহুকেইটা সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠানক আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন জনাইছিল। তাৰেই পৰিপ্ৰেক্ষিতত জুতিকা শইকীয়াৰ বাসগৃহত আজি দিনৰ ১১বজাত পুৰণিগুদামৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান অনিবাৰ্ন গোষ্ঠী, অবিনশ্বৰ গোষ্ঠী, কুৱেৰ অৱিনশ্বৰ গোষ্ঠী, আলোড়ন গোষ্ঠী, জালজৰী সন্মিলিত যুৱ মঞ্চ আৰু সঞ্জীৱনী অগ্ৰনী মঞ্চ উপস্থিত হৈ এখন সভা অনুষ্ঠিত কৰি মেধাৱী ছাত্ৰী গৰাকীলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ লগতে কৃত্ৰিম ভৰি সংযোজনৰ ক্ষেত্রত প্ৰয়োজন হোৱা বৃহৎ পুঁজি আগবঢ়াবলৈ চৰকাৰী পক্ষক দাবী জনায়।

পুৰণিগুদামৰ জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আঁত ধৰা সভাখনত পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভৰাঁল,পুৰণিগুদাম প্ৰেছ ক্লাৱ আৰু চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েচনৰ প্ৰতিনিধি উপস্থিত থাকি জুতিকা শইকীয়াক সকলো সময়ত সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতেদি জুতিকা শইকীয়াক জলাহ গাঁৱৰ আন এগৰাকী ব্যক্তি মুকুল শইকীয়াও আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে বুলি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমক জনায়। এতিয়া কাটিং টেইলৰিঙৰ জৰিয়তে উপাৰ্জন কৰি নিজৰ পৰিয়াল পোহপাল দিয়া এইগৰাকী বিশেষভাৱে সক্ষম মেধাবী ছাত্ৰীৰ ওপৰত চৰকাৰী পক্ষৰ চকুৰ পৰেনে নপৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Close