অসমশীৰ্ষ

বিহপুৰীয়াত সোৱণশিৰী নদীৰ খহনীয়াৰ তাণ্ডৱ

প্ৰথম খবৰ, বিহপুৰীয়া: বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহগড়া ধুনাগুৰীৰ কংকুৰত সোৱঁণশিৰী নদীৰ খহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ নদীৰ ভয়াৱহ খহনীয়াই কংকুৰ গাঁওখন সম্পুৰ্ণৰুপে নিশ্চিহ্ন কৰি পেলোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

মাজুলীৰ সীমাত অৱস্থিত কংকুৰবাসীয়ে খহনীয়াৰ কবলত পৰি দিক বিদিক হেৰুৱাই পেলাইছে ৷ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে কংকুৰবাসীয়ে ৷ ইতিমধ্যে খহনীয়াৰ কৱলত পৰা ৰাইজে আপোন ঘৰখন স্থানান্তৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সুৰক্ষিত স্থান বিচাৰি তেওঁলোকে হাহাকাৰ কৰিব লগাত পৰিছে ৷

ইপিনে নদীখনৰ খহনীয়াৰ কৱলত পৰা এক নম্বৰ কংকুৰ প্ৰাথমিক বিদ্যালয়খন স্থানান্তৰ কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে গাঁওবাসীয়ে ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি সোৱঁণশিৰী নদীৰ খহনীয়াই কালৰুপ ধৰি থকা বাহঁগড়া ধুনাগুৰী অঞ্চলত খহনীয়া ৰোধৰ বাবে ৰাজ্যৰ জলসম্পদ বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে বাহগড়া ধুনাগুৰী অঞ্চলটো।

Related Articles

Leave a Reply

Close