অসম

বিহালী তিনিসূঁতিত ৰাইজে ধৰি আৰক্ষীক গতালে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীক

বৰগাঙৰ পৰা দিগন্ত শইকীয়া: বিহালী সমষ্টিৰ তিনিসূঁতিত ৰাইজে আটক কৰি তিনিসুঁতি আৰক্ষী চকীৰ আৰক্ষীক গতালে বৰগাংস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ ৩ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক ৷ জানিব পৰামতে, আজি সন্ধ্যা ৭ মান বজাত তিনিসূঁতি বজাৰ দুৰ্গা পূজা মণ্ডপত অগ্নি নিৰ্বাপক বাহিনীৰ ৩ জন কৰ্মচাৰী তদন্তৰ বাবে উপস্থিত হয় ৷ অগ্নি নিৰ্বাপক বাহিনীৰ ৩ কৰ্মচাৰীয়ে পূজা মণ্ডপস্থলীত উপস্থিতহৈ পূজা উদযাপন সমিতিৰ পৰা ১০০০ টকা ধন দাবী কৰাৰ বুলি অভিযোগ উঠিছে ৷

অগ্নি নিৰ্বাপক বাহিনীৰ তিনি কৰ্মচাৰীয়ে পূজা উদযাপন সমিতিৰ পৰা ধন দাবী কৰা কাৰ্যকলৈ তীব্ৰ উত্তেজনা সৃষ্টি হয় ৷ লগে লগে স্থানীয় ৰাইজে ৩ অগ্নি নিৰ্বাপক বাহিনীৰ ২ জনক ধৰি আৰক্ষীক চমজাই দিয়ে। আনহাতে ১জন পলায়ন কৰে৷
ইফালে, অগ্নি নিৰ্বাপক বাহিনীৰ ৩ জনীয়া দলটো এখন বিভাগীয় বাহনলৈ তিনিসূঁতিত উপস্থিত হৈছিল বুলি তথ্য আহিছে ৷

Related Articles

Leave a Reply

Close