অসম

বিয়া পাতিবলৈ আহি  বৰকলাত মহিলাৰ ৰোষত পৰিল  ৰাজস্থানৰ তিনি যুৱক, ৰাইজে আটক কৰি গতালে আৰক্ষীক

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: বিয়া পাতিবলৈ আহি এইবাৰ নগাঁৱৰ বৰক’লাত মহিলাৰ ৰোষত পৰিল তিনিজন ৰাজস্থানৰ যুৱক। ৰাইজে আটক কৰি ৰাজস্থানৰ তিনি যুৱকক গতালে আৰক্ষীক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

জানিবপৰা মতে। নগাঁৱৰ বৰকলা গাঁৱৰ এগৰাকী যুৱতীক বিয়া পাতিবলৈ আহিছিল ৰাজস্থানৰ তিনি যুৱকে। ঘটনাৰ খবৰ পাই স্থানীয় মহিলা সকলে নাৰী চক্ৰৰ হাতত বিক্ৰী কৰাৰ সন্দেহ কৰি ওলাই আহি সোধাপোছা কৰাত পলায়ন কৰে তিনি ৰাজস্থানী যুৱকে। লগে লগে সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশ। পাছত স্থানীয় মহিলাসকলে তিনিওজন যুৱকক আটক কৰি গতাই দিয়ে আৰক্ষীক।

বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত সোধাপোচা কৰি থকা হৈছে  যুৱককেইজনক। আৰক্ষীৰ মতে যুৱককেইজনে যুৱতীৰ পৰিয়ালৰ লগত যোগাযোগ কৰি বিয়াৰ কথাবতৰা পতাৰ বাবে আহিছিল বুলি প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close