অসম

বি এইচ কলেজৰ নির্বাচন: আছুৰ বৃহৎ সাফল্য

প্ৰথম খবৰ, বৰপেটাৰোড: নামনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাউলীৰ বি এইচ কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ নির্বাচন কালি অনুষ্ঠিত হৈ যায়।এইবাৰৰ নির্বাচনৰ ফলাফল এনেধৰণৰ — সভাপতি পদত মোকলেছৰ ৰহমান (এন এছ ইউ আই ), উপ-সভাপতি (স্নাতকোত্তৰ) পদত কনক কলিতা (আছু ), সাধাৰণ সম্পাদকত প্ৰীতম দাস (আছু ), সাংস্কৃতিক বিভাগৰ সম্পাদকত ৰুবুল হাছান (এন এচ ইউ আই ), গুৰু খেল বিভাগৰ সম্পাদকত নবাংকু নাথ (আছু), ছাত্র জিৰণি কোঠাৰ সম্পাদকত খঞ্জন ফুকন তালুকদাৰ (আছু)আৰু আলোচনী সম্পাদকত দিপাংকৰ দাস (আছু )। ইপিনে বিনা প্রতিদ্বন্দ্বিতাৰে জয় লাভ কৰে উপ-সভাপতি পদত আছু সমর্থিত প্রার্থী অনুপমা পাটগিৰী আৰু অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ সমর্থিত প্রার্থী ক্রীড়া বিভাগৰ সম্পাদক আদিত্য বণিক, তর্ক আৰু আলোচনা-চক্ৰ সম্পাদক বাপ্পি নাথ।

Related Articles

Leave a Reply

Close