অসম

ভাষা অবিহনে এটা জাতি জীয়াই নাথাকেঃ ড: ৰমেন মেধি

প্ৰথম খবৰ, আন্ধেৰীঘাট: পশ্চিম দৰঙৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিষ্ণুজ্যোতি জুনিয়ৰ কলেজৰ নবাগত আদৰণি সভাৰ নিৰ্দিষ্ট বক্তা ড: ৰমেন মেধিয়ে কয় জাতি এটা জীয়াই থাকিব লাগিলে ভাষা জীয়াই থাকিব লাগিব। শিক্ষা লাভ কৰিলেই জ্ঞানী নহয়। জ্ঞান লাভ কৰিব লাগিলে সমাজৰ সৈতে থাকিব লাগিব। নবাগত সকলক উদ্দেশি দিয়া ভাষণত গোৰেশ্বৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীয়ে কয় ছাত্ৰ সকল সমাজৰ প্ৰধান উপাদান। তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধন হলেহে সমাজ লাভাম্বিত হব।অৱসৰী শিক্ষক ৰাজেন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ ৰাখে নবাগত সকলক উদ্দেশ্যি। মহাবিদ্যালয়ৰ ২০১৭ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনাও জনোৱা হয়। সভাৰ অন্তত জনপ্ৰিয় যুৱ কণ্ঠশিল্পী ডেনিচে সুললিত কণ্ঠেৰে ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত ৰাইজক সন্মোহিত কৰে।

Related Articles

Leave a Reply

Close